কাৰ কাৰণে কবিতা

Hiren BhattacharyyaHiren Bhattacharyya28 Jul 1932 – 4 Jul 2012

4 min read · 13.7K reads

১

কাৰ কাৰণে কবিতা, সূৰ্যৰ শুদ্ধতা ? সমুখৰ বাট জলকতবক ,
বাওঁহাতৰ টিপত মৰে কুশীলব, জননীৰ বুকুত কাল যমুনা |
কাৰ কাৰণে কবিতা, সূৰ্যৰ তেজস্বিতা ? ছহীদৰ হাড়
শিয়াল-কুকুৰৰ ভোজ, স্বাধীনতাৰ বিপন্ন মুখ !

কাৰ কাৰণে কবিতা, তাপস কবিৰ তেজৰ শলিতা ?

২
ম‍ই এক বিপুলাতয়ন নাটকৰ গৰ্ভাংকৰ গভীৰ নাটকীয় মুহূৰ্তত,
মোৰ অসহায় চকুৰ আগত বিশাল শব্দকল্পদ্ৰুম,
উদগ্ৰ জীৱন শক্তিত স্ফীত শাখা-প্ৰশাখাত
উত্সাৱন্ত ধুমুহাৰ কোলাহল;
মুক্ত, উদ্ধত আৰু সুস্পষ্ট বিবেকী বজ্ৰৰ নিৰ্ঘোষ |

মোৰ অনুভূতিৰ বিপদজনক দুৱাৰ দুফাল কৰি খোলা |
যকৃতৰ সুখ-শ্ৰুত সুস্থতাই জানো সকলো ?

তোমাৰ লগত মোৰ বিস্তৰ মতভেদ |
বৰং যদিও দুষ্প্ৰাপ্য, তেজৰ স্বাভাৱিক ৰং মোৰ প্ৰিয় |
ম‍ই এনেধৰণৰ সৰ্বাত্মক সংকটৰ মুখামুখি
যাৰ - এফালে নিৰ্বিষ বাস্তৱ, আনফালে অসম্ভৱ ভৱিষ্যত্‍ |

৩
নিমিষতে ভাঙি পৰে মোৰ বুকুৰ ভিতৰৰ ঘৰ-দুৱাৰ | তোমাক
বুকুত থৈ কৰা আশ্চৰ্য নিৰ্মাণ | ভয়ংকৰ ভাঙনৰ মুখত
স্থিত দীৰ্ঘ পৰিশ্ৰমে গঢ়া সুশোভিত উদ্যান |
পাৰ হৈ আহোঁ পিছল শিলৰ সাঁকো,
ভৱিষ্যতৰ গন্ধবহ সপ্ৰতিভ বৰ্তমান |
হাড়ে হাড়ে, বুকুৰ ভিতৰে ভিতৰে ভাঙে ঘৰ-দুৱাৰ,
কলিজাত কতকাল পৰি থকা স্মৃতিময় গোলাপলতাৰ
তিমিৰ প্ৰোথিত শিপা ছিন্ন-বিচ্ছিন্ন |
শ্বাসৰোধী অভ্যন্তৰত পিপাসাৰ মুমূৰ্ষ প্ৰাৰ্থনাঃ
মোৰ প্ৰকৃতি, মোৰ প্ৰিয়, তুলি লোৱা মোৰ অপাপ হৃদয়
ধ্বংসস্তুপৰ পৰা |

৪
তেজৰ অনুগত মোৰ এই অভীষ্ট শব্দবোৰৰ নিঃসংগতা
লগৰীয়াৰ চকুত ধুলি দি বালিঘৰ সাজি একান্তমনে
উমলি থকা ল'ৰাটোৰ দৰে এক অদ্ভুত আনন্দবোধত মুগ্ধ |
প্ৰতিটো শব্দৰ শৰীৰে শৰীৰে বিয়পি আছে মোৰ
আইৰ চাদৰৰ মোলান আচঁলত লাগি থকা কিংবদন্তিৰ কৰুণতা |

৫
এনেকৈয়ে আছোঁ: দুখ মোৰ কোলাৰ কেঁচুৱা, বাৰে বাৰে
দুহাতেৰে দাঙি ল'ব লাগে | জিভাত দুখৰ ঘৰৰ লোণ,
ওকালিত ওলাই আহে ভাতৰ নিসনি | খং মোৰ সহজতে নুঠে |
দায়িত্বশীল পিতাৰ দৰে ম‍ই জানো
খং কেনেকৈ সামৰি থ'ব লাগে;
ক্ষমায়েই বা কাক বোলে | প্ৰচুৰ দায়িত্ব মোৰ |
দুখবোৰ তুলি-তালি মানুহ কৰাৰ গধুৰ দায়িত্ব,
একান্ততাত জুৰুলি-জুপুৰি নৰীয়া দেহা,
কিবা এটা ক'ব খুজিলেই আলজিভাৰ পৰা ছিটিকি পৰে
অজানিত তেজ মুখৰ ভিতৰে-বাহিৰে |

৬
মোৰ অস্ত্ৰৰ শানিত মুখত সুগন্ধ সময়ৰ সেতুময়তা !
মোৰ স্নায়ুৰ বিচিত্ৰ বীনাৰ সহস্ৰ তাঁৰ কৃতজ্ঞতাবোধত গধুৰ,
বুকুৰ ভিতৰত অজৰ-অমৰ পৃথিৱী, যাৰ কাষত বহিলে
উজ্জ্বল হৈ উঠে মোৰ নৰীয়া দেহ | ভ্ৰমণ-বিলাসী মনৰ শেষ হয় সকলো
আয়োজন, ভৰি ছুই গুছি যায় আবেলিৰ ৰ'দ,
ম‍ই মাথোঁ বহি থাকোঁ লিৰিকি-বিদাৰি গুৰুভাৰ শিকলি |
.... আঙুলি কামুৰি পালো ঘোলা তেজ, চেঁচা বিদ্ৰোহ,
চূড়ান্ত কিবা কৰাৰ মোৰ খুব লোভ, অথচ মোৰ
সেই স্পৰ্ধা নাই অথবা, বিৰল প্ৰাজ্ঞতা !

৭
কমৰেড্‍, বুকুখন বিষাইছে, বন্দুকটো উম দি বুকুতে থাকক,
আঁতৰাই নিনিবা; লাগিলে তৰ্জনী আঙুলিটো মোৰ
ট্ৰিগ্ৰাৰতে থোৱাঃ বন্দুকৰ নলেৰে জ্বলক অবিৰাম বিজুলী |
ৰাতিটো পাৰ হৈ গ'লে আমাৰ আৰু ভয় কি ?
নলে-গলে লগালগি পামগৈ ফৰকাল বেলতলাৰ পথাৰ |

Hiren Bhattacharyya
About the poet

Hiren Bhattacharyya

Hiren Bhattacharyya (28 July 1932 – 4 July 2012), popularly known as Hiruda, was an Indian poet and lyricist best for his works in the Assamese literature. He had innumerable works published in Assamese and achieved many prizes and accolades for his poetry. B…

View profile & all 9 Poems / Stories

More Poetry & Stories You May Like