কলম মোৰ কমাৰৰ

Hiren BhattacharyyaHiren Bhattacharyya28 Jul 1932 – 4 Jul 2012

1 min read · 13.0K reads

কলম মোৰ কমাৰৰ হাতৰ হাতুৰি, ভাঙি-পিটি গঢ়ি লওঁ শব্দ,
খেতিয়কৰ ফাল যেন চোকা, সীৰলুত সোনৰ সীতা,
মিস্ত্ৰিৰ কৰত যেন ৰূঢ়,
কঠিন কাঠৰ আঁহ ফলি টানি আনো
অভিজ্ঞতাৰ তেজ লগা শব্দ, চাওঁতাল মৰদৰ ধনুৰ কাঁড় যেন
লক্ষ্যভেদী একো-একোটা শব্দ মোৰ
ৰক্ত-মাংস-ইচ্ছাত তীব্ৰ হৈ উঠে,
সিহঁতৰ কোনোটো পৰ্বতৰ দৰে উদ্ধত,
কোনোটো নদীৰ দৰে নত, আৰু কোনোটো বা হ্ৰদৰ দৰে গম্ভীৰ,
কাৰো কথাত উঠা-বহা নকৰে |

নদ-নদী-পৰ্বত চিত্ৰিত বিপুল মহাদেশৰ মই কবি,
পৃথিৱী মোৰ কবিতা |

Hiren Bhattacharyya
About the poet

Hiren Bhattacharyya

Hiren Bhattacharyya (28 July 1932 – 4 July 2012), popularly known as Hiruda, was an Indian poet and lyricist best for his works in the Assamese literature. He had innumerable works published in Assamese and achieved many prizes and accolades for his poetry. B…

View profile & all 9 Poems / Stories

More Poetry & Stories You May Like