এতিয়া বসন্তকাল's image
1K

এতিয়া বসন্তকাল

ShareBookmarks

এতিয়া বসন্তকাল
ফুলতকৈ কাঁইটেই ভাল|"
এইবুলি কৈ মোৰ কোলাত
আহি পৰিল
তেজৰঙা বুলবুলি এহাল !

কাঁইটীয়া গোলাপৰ ডাল
বতাহত দোঁ খাই আহি
ছিঙি নিবহি যেন মোৰ কলিজাৰ এফাল |

এতিয়া বসন্তকাল
ফুলতকৈ কাঁইটেই ভাল...

[হীৰেন ভট্টাচাৰ্য - ১৯৬৮]

Read More! Learn More!

Sootradhar