Happy Independence Day! 🇮🇳 इस आज़ादी पर, अपनी कलम को उड़ान दें।

Every verse is an act of freedom — write a poem, share your voice, and celebrate India with Kavishala.

✍️ Write for Freedom
আমাৰ আছে মানুহৰ's image
1K

আমাৰ আছে মানুহৰ

ShareBookmarks

আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস,
আমাৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ পিনে চকু
বৰ্তমানৰ নিৰালম্ব নিৰাসক্তিৰ
বিকৃত জঞ্জাল লই
জীয়াৰ বুকুত,
আমাৰ দুৰু দুৰু স্পন্দমান অন্তৰতো আছে
শতেক ভৰসা ।
গেলা, দুৰ্গন্ধ, অস্বাস্থ্যকৰ
হিংসুক পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ
এই ভঙ্গুঁ পঙ্গুঁ নৰক কেন্দ্ৰিত দেহৰ দুৰ্ভোগ
আমি
অন্তৰৰ গতিশীল শক্তিৰ
পৰম তৃপ্তিত
দিনে দিনে গংগা স্নান কৰি
লভিছোঁ মুক্তি ।
আমি গঢ়িছোঁ নিজৰ ৰূপ,
সমাজৰ, বিশ্বমানৱৰ সুগভীৰ দৃঢ় সভ্যতা,
আমাৰ সংস্কৃতিৰ নৱ সাম্য মন্দিৰ
বিশ্বৰ জনসভাত
ৰুদ্ধ আত্মৰতি মননশীলতাৰ অন্ধ কাৰাগাৰ গঢ়ি
আমি নহওঁ ‘নি:সঙ্গঁ সুদূৰ' ।
স্বৰ্গৰ কোনোবা নন্দন বনত
আমাৰ বাবে নাই
মৃত্যুঞ্জয়ী অমৃতৰ গোপন ভাণ্ডাৰ
আমি মানুহ -
জাগতিক পঞ্চভূত-জাত আমাৰ
দীপ্তিমান শৰীৰক লাগে
নতুন মুকলি নীলা আকাশত হোৱা অৰুণোদয়ৰ
আল্ট্ৰা ভায়লেট ৰশ্মী,
পুষ্টি-সাধক অন্নৰ
তৃপ্তিদায়ক ভৰা থাল ।
তাৰ বাবে আমি
উৰ্বৰা মাটিৰ কৰ্মনিষ্ঠ পূজাৰী ।
আমি যুগ পৰিস্থিতিৰ প্ৰতীক
বস্তু আৰু আদৰ্শৰ
দ্বন্দ্বাত্মক গতি
সংগ্ৰাম লিপ্ত বিপ্লৱী । "

Read More! Learn More!

Sootradhar