কুম্পুৰ সপোন

Jyoti Prasad AgarwalaJyoti Prasad Agarwala17 Jun 1903 – 17 Jan 1951

2 min read · 28.0K reads

মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি
আৰু দুজনী - নাক জিলিকা চকু টেলেকা
তিলিকা তিলিকা পিলিকা পিলিকা যখিনী ছোৱালী

এটা ক'লা, এটা বগা নাঙঠ্ পিঙঠ্ ভূত
কথা পাতে টাকুট্ টাকুট্ কুট্
এটাই ক'লে - "পুট্, পুট্, পুট্"
ইটোৱে মা নাক জোকাৰি ক'লে - "ধুত্ ধুত্"
মা, দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ
কিবা কিবি গান গাই ফুছ্ ফুছ্ ফাছ্
মনে মনে কাম কৰে খুছ্ খাছ্ খাছ্
এংকোৰ বেংকোৰ কৰি যায় লৰি লৰি
যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি
যখিনীহঁতে নেপেলালে একেলগে ভৰি।

চৰখোৱা যখিনীয়ে নাচে কঁকাল ভাঙি
কোটোক্ কোটোক্ ঘোটোক্ কৰি
ভূত পোৱালি জাপ মাৰি
ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি

মই, তই যে কৱ -
ভূতে বোলে ল'ৰা ধৰি খায়
পুখুৰীলৈ নি বোলে ভৰিদুটা ওপৰ কৰি
গুজি গুজি মূৰটো হেনো এহাত বোকাত সুমায়।
ক'ত মা, মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই?
ক'তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
ভয় কৰা ল'ৰাকহে মা ভূতে ধৰি কিলায়।

মা, মোৰ হ'লে ভূতলে ভয় নাই।
যখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি
দুয়োটাৰে কাণ দুখন দিলো মুচৰি।
দীঘল কাণত মুচৰি মা, লাগে বৰ ভাল,
সিহঁত দুটাই চিঞঁৰ সোধাই লগালে তালফাল।

বিচাৰি থকা ভূত পোৱালি মা, যেতিয়া পালোঁ
পুতলা থোৱা আলমাৰিটোত আনি সুমাই থলোঁ
তাৰ পাছতে তই মাতোতে উঠিলো সাৰ পাই।
মা, মোৰ হ'লে অক্কনমানো ভূতলে ভয় নাই,
ক'তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
ভয় কৰা ল'ৰাকহে মা ভূতে ধৰি কিলায়।
মা, মোৰ হ'লে ভূতলে ভয় নাই।

Jyoti Prasad Agarwala
About the poet

Jyoti Prasad Agarwala

Jyoti Prasad Agarwala(Assamese: জ্যোতিপ্ৰসাদ আগৰৱালা) (17 June 1903 – 17 January 1951) was a noted Assamese playwright, songwriter, poet, writer and filmmaker from Assam. He was considered as Assamese cultural icon, deeply revered for his creative vision and…

View profile & all 2 Poems / Stories

More Poetry & Stories You May Like