মমতাৰ চিঠি

Hem BaruaHem Barua22 Apr 1915

3 min read · 110.2K reads

মৰমৰ,

এয়া মম এডাল জ্বলাই লৈছো
আজি বহুদিনৰ মুৰত তোমালৈ চিঠি লিখো বুলি
বাহিৰৰ উৰুঙা বতাহ জাক আহি মমডাল কোবাইছে
চাওঁ খিৰিকীখন জপাই দিওঁ
সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত আছেনে?

আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলো
মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল
সিদিনা আছিল কাতিৰ কুঁৱলীসনা কোমল পুৱা
পদুলিত তল সৰা শেৱালীবোৰ উপচি আছিল
আৰু সন্ধিয়া মই তোমালকৰ ঘৰলৈ ন' কৈ আহিবৰ দিনা
আকাশৰ মেঘৰ মোহনাত
হালধীয়া জোনটো নাওখন লৈ
আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ
মই লোৱা কঁকালৰ ৰিহা খনলৈ
তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা
মোৰ কেনে লাগিছিল জানা?

তুমি যেন কোনোবা দূৰ বিদেশৰ
স্বপ্নাতুৰ আলোকৰ মানুহ
আৰু মই?

মই যেন তলসৰা এপাহ শেৱালী
সেইদিনা মন সাগৰত মোৰ
এৰি অহা আৰু আহি পোৱা
অলেখ ঢৌৰ কঁপনি জাগিছিল
তোমাৰ জানো এইবোৰ কথা মনত নাই?

আমাৰ দেউতাই যে চিঠি লিখিছিলে
"আই, তই নতুন ঘৰত হাঁহি মাতি থাকিবি"
এইবোৰ সাত বছৰৰ আগৰ কথা:
মোৰ যে সকলোবোৰ পূৰাণৰ সাধু যেন লাগে ।
জেঠমহীয়া দেউতাৰ বছেৰেকীয়া হৈ গ'ল ।

তোমাৰ বাবুল এতিয়া বৰটো হৈছে,
তাৰ ওপৰপাৰিত এধানিমান ডালিমগুটি
যেন দাঁত অকণি গজিছে । সি মোক একেবাৰে এৰিকে নিদিয়ে ।

(কেতিয়াবা মোৰ যে ইমান খং উঠে
তুমি নাই নহয়, সেইকাৰণে!)

সি বাৰু মোৰ বগা সাজযোৰলে এনেদৰে
তধা লাগি চাই থাকে কিয় ?

তাৰ ওপজাৰে পৰা এইযোৰ কাপোৰ
চিনাকি,সেইকাৰণে নহয়?
বাবুল এতিয়া বৰটো হৈছে বুজিছা?

(আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম
সি আতঁৰি থকা সময়খিনি মোৰ যে বুকুখন
তেনেই উদং হৈ থাকিব,ভাই ।)

আৰু কি লিখিম বিশেষ একো নাই ।

মোৰে শপত,তুমি যিদিনা উলটি আহিবা,
মোক আগতিয়াকৈ জনাবা দেই । মই ভোগদৈয়েদি ভটিয়াই গৈ
বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম,তুমি যিদিনা উলটি আহিবা,
মোক আগতিয়াকৈ জনাবলৈ নাপাহৰিবা দেই ।
মৰম ল'বা ।

ইতি,

তোমাৰ মমতা

[পুনঃ : এইবাৰ বুজিছা,মাঘৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জলিছিল । আমাৰ আইতাৰ কলি ছাগলীজনীৰ দুটা পোৱালি জগিছে এটা শুধ বগা আৰু আনটো পখৰা ।]

Hem Barua
About the poet

Hem Barua

Hem Barua (22 April 1915 – 9 April 1977) was a prominent Assamese poet and politician from Assam. Born on 22 April 1915, at Tezpur, Hem Barua obtained his M.A. degree from Calcutta University in 1938 and joined the J.B. College, Jorhat, in 1941 as lecturer in…

View profile & all 3 Poems / Stories

More Poetry & Stories You May Like