সৌন্দৰ্য্য

Ganesh GogoiGanesh Gogoi1 Jan 1907 – 1 Jan 1938

1 min read · 12.7K reads

সৌন্দৰ্য্য,
কত আভা, কত প্ৰভা, মনোলোভা
মনোৰমা,
কত কবি, কত ছবি, যাচে চুমা
নিৰুপমা,
কত অলি, পৰি ঢলি, প্ৰাণ - ঢালি
প্ৰেমে পমা,
মাতে সখি, আছোঁ ৰখি, আঁহা প্ৰিয়ে
প্ৰিয়তমা!
- ইয়াতো কবিৰ প্ৰাণ ইনাই বিনাই
ফুটুকা ফুলতো দেহি ফেঁটী সাপ পায় ||

কবি,
শান্ত জুৰ, সুমধুৰ, মোৰ সুৰ
প্ৰেমে পূৰ;
হে চতুৰ, কাব্যচোৰ, কিয় টোকা
চকুলোৰ?
সৌ হিৰণ, ঢৌ-কিৰণ, মৌ-মিলন
নোহে দূৰ,
ত্যাজি দ্বেষ, হিংসা-বেশ, চোৱা ঘূৰি
স্বৰ্গপূৰ |
- নোৱাৰা সাধিব কবি সৌন্দৰ্য্য নাশ,
সৌন্দৰ্য্য আপুনি হ'ব আপুনি প্ৰকাশ !

Ganesh Gogoi
About the poet

Ganesh Gogoi

Ganesh Gogoi (Assamese: গনেশ গগৈ) dv(1907- 1938) was a poet of Assam and then he is remembered also as a lyricist, composer, playwright, actor and football player. He is also known as Papori Kobi. Literary works Some of his famous dramas had pictured in 'Jorh…

View profile & all 2 Poems / Stories

More Poetry & Stories You May Like