মৰমৰ

Ambikagiri RaichoudhuryAmbikagiri Raichoudhury1 Jan 1885 – 1 Jan 1967

3 min read · 13.0K reads

মৰমৰ,

এয়া মম এডাল জ্বলাই লৈছো
আজি বহুদিনৰ মুৰত তোমালৈ চিঠি লিখো বুলি
বাহিৰৰ উৰুঙা বতাহ জাক আহি মমডাল কোবাইছে
চাওঁ খিৰিকীখন জপাই দিওঁ
সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত আছেনে?

আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলো
মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল
সিদিনা আছিল কাতিৰ কুঁৱলীসনা কোমল পুৱা
পদুলিত তল সৰা শেৱালীবোৰ উপচি আছিল
আৰু সন্ধিয়া মই তোমালকৰ ঘৰলৈ ন' কৈ আহিবৰ দিনা
আকাশৰ মেঘৰ মোহনাত
হালধীয়া জোনটো নাওখন লৈ
আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ
মই লোৱা কঁকালৰ ৰিহা খনলৈ
তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা
মোৰ কেনে লাগিছিল জানা?

তুমি যেন কোনোবা দূৰ বিদেশৰ
স্বপ্নাতুৰ আলোকৰ মানুহ
আৰু মই?

মই যেন তলসৰা এপাহ শেৱালী
সেইদিনা মন সাগৰত মোৰ
এৰি অহা আৰু আহি পোৱা
অলেখ ঢৌৰ কঁপনি জাগিছিল
তোমাৰ জানো এইবোৰ কথা মনত নাই?

আমাৰ দেউতাই যে চিঠি লিখিছিলে
"আই, তই নতুন ঘৰত হাঁহি মাতি থাকিবি"
এইবোৰ সাত বছৰৰ আগৰ কথা:
মোৰ যে সকলোবোৰ পূৰাণৰ সাধু যেন লাগে ।
জেঠমহীয়া দেউতাৰ বছেৰেকীয়া হৈ গ'ল ।

তোমাৰ বাবুল এতিয়া বৰটো হৈছে,
তাৰ ওপৰপাৰিত এধানিমান ডালিমগুটি
যেন দাঁত অকণি গজিছে । সি মোক একেবাৰে এৰিকে নিদিয়ে ।

(কেতিয়াবা মোৰ যে ইমান খং উঠে
তুমি নাই নহয়, সেইকাৰণে!)

সি বাৰু মোৰ বগা সাজযোৰলে এনেদৰে
তধা লাগি চাই থাকে কিয় ?

তাৰ ওপজাৰে পৰা এইযোৰ কাপোৰ
চিনাকি,সেইকাৰণে নহয়?
বাবুল এতিয়া বৰটো হৈছে বুজিছা?

(আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম
সি আতঁৰি থকা সময়খিনি মোৰ যে বুকুখন
তেনেই উদং হৈ থাকিব,ভাই ।)

আৰু কি লিখিম বিশেষ একো নাই ।

মোৰে শপত,তুমি যিদিনা উলটি আহিবা,
মোক আগতিয়াকৈ জনাবা দেই । মই ভোগদৈয়েদি ভটিয়াই গৈ
বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম,তুমি যিদিনা উলটি আহিবা,
মোক আগতিয়াকৈ জনাবলৈ নাপাহৰিবা দেই ।
মৰম ল'বা ।

ইতি,

Ambikagiri Raichoudhury
About the poet

Ambikagiri Raichoudhury

Ambikagiri Raichoudhury (1885–1967) was an Assamese poet and nationalist. Literary Ambikagiri Raichoudhury's works include "Tumi", "Kaabyo", "Aahuti", "Joydroth Bodh", "Binaa", "Onubhuti", "Bondoo Ki Sondere", and "Bedonaar Ulkaa". He was also the editor of "…

View profile & all 3 Poems / Stories

More Poetry & Stories You May Like