মই কবি, কৃতিত্বৰে পাৰ হৈ আহিছোঁ বুৰঞ্জীৰ বহু ভয়ংকৰ দিন | শব্দই মোক দিছে প্ৰতিৰোধৰ অসামান্য ক্ষমতা, অৰ্থৰ শৃংখলা, নিৰ্ভুল হোৱাৰ ইচ্ছা, সেযে, প্ৰয়োজনত পুনৰ প্ৰতিষ্ঠা কৰিছোঁ বিপৰ্যস্ত শব্দৰ নিৰ্বাসিত অৰ্থ | শব্দ মোৰ শুভংকৰ সংগীত কিম্বা উচ্চতৰ গণিত | থাকক অবিবেকী যুদ্ধ, মহামাৰী বসন্ত, শব্দ মোৰ চিৰাচৰিত প্ৰতিকূলতাত আয়ত্তাধীন নিপুণতাৰ গুৰুত্বপূৰ্ণ অকপট তৰোৱাল | মোৰ আন কোনো সত্তা নাই, শব্দৰ সতে মোৰ অভিন্ন সংসাৰ; যাৰে, খণ্ড-খণ্ড কৰি তুলি ধৰোঁ ৰক্তাক্ত স্বদেশ স্বকাল; স্বপ্নৰ নিটোল দেহেৰে গঢ়া অসম্ভৱ ভৱিষ্যত্‍ |