বেশ্যান্তৰিত শাসক স্বভাৱদোষত স্ফীতোদৰ বণিকৰ ক্ৰীতদাস, সন্ন্যাসে শোভা কৰে জানো কবিক, কলম যাৰ জাগৰ তৰোৱাল ? কাব্যতো নহয় সহজ পণ্য, অন্য ধাতুৰে গঢ়া তাৰ বিপন্ন শৰীৰ, তেজত প্ৰতিবাদ, সত্তাত বিপ্লৱ | নেৰুদা, মই তোমাৰ কুৰিটা প্ৰেমৰ কবিতা পঢ়িছোঁ, আৰু জানো প্ৰেমৰ কবিতাৰে ৰচা এটা হতাশাৰ গানত মূৰ্ত ভাঙনৰ হাতুৰি কিমান গধুৰ