স্বপ্নৰ উদ্যান ছুই অহা মোৰ এই শব্দবোৰত জীৱনধাৰাৰ সুষমা, সময়ৰ ঘনিষ্ঠ উত্তাপ, মোৰ কোনো নিজস্ব আবিস্কাৰ নাই, মোৰ ভিতৰত এটা যেন খেতিয়ক, মই শব্দবোৰ জিভাত দি চাওঁ, কাৰ কি সোৱাদ, হাতৰ তলুৱাত লৈ চাওঁ কিমান তপত, মই জানো শব্দ মানুহৰ মহত্‍ সৃষ্টিৰ তেজঃদীপ্ত সন্তান, মই সাধাৰণ কবি, কান্ধ সলনি কৰি বৈ অনা মোৰ এই শব্দবোৰত মানুহৰ নিদাৰুণ অভিজ্ঞতা, বুৰঞ্জীৰ নিঠুৰ আচোঁৰ |