মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ | মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শ‍ইচ-সোনোৱালী ভৱিষ্যতৰ সপোন | মোৰ জীৱনৰ আহেঁ আহেঁ মোৰ যৌৱনৰ কোহেঁ-কোহেঁ সেই সপোনৰ কলৰোল | দেশে-দেশে দেশ আছে | এনে বহু দেশৰ অৰঙে-দৰঙে ম‍ই ঘূৰিছোঁ | বহু বন্ধুৰ সতে হাতে-হাত ধৰি ফুৰিছোঁ | কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰতলিত খন্তেক জিৰাইছোঁ | বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ | তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা | এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ | যাৰ বুকুৰ উমে মোক দিছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য | জীৱনৰ নতুন অৰ্থ | এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস | প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ | মোৰ দেশৰ বাবে ম‍ই জীয়াই আছোঁ | এই দেশৰ বাবে ম‍ই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ | ৰণুৱা, বনুৱা, হালোৱা এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ ম‍ই আছোঁ | জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান ম‍ই শুনিছোঁ | শত্ৰু-মিত্ৰ সকলোকে ম‍ই চিনিছোঁ | সিহঁতৰ অন্তৰ ম‍ই বিশ্বাসেৰে জিনিছোঁ | শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই দিছোঁ - ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান | আৰুতো মোৰ একো নাই ! মোৰ দেশ - মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগ‍ই মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন পৰ্বত-মূললৈ ....