১ কাৰ কাৰণে কবিতা, সূৰ্যৰ শুদ্ধতা ? সমুখৰ বাট জলকতবক , বাওঁহাতৰ টিপত মৰে কুশীলব, জননীৰ বুকুত কাল যমুনা | কাৰ কাৰণে কবিতা, সূৰ্যৰ তেজস্বিতা ? ছহীদৰ হাড় শিয়াল-কুকুৰৰ ভোজ, স্বাধীনতাৰ বিপন্ন মুখ ! কাৰ কাৰণে কবিতা, তাপস কবিৰ তেজৰ শলিতা ? ২ ম‍ই এক বিপুলাতয়ন নাটকৰ গৰ্ভাংকৰ গভীৰ নাটকীয় মুহূৰ্তত, মোৰ অসহায় চকুৰ আগত বিশাল শব্দকল্পদ্ৰুম, উদগ্ৰ জীৱন শক্তিত স্ফীত শাখা-প্ৰশাখাত উত্সাৱন্ত ধুমুহাৰ কোলাহল; মুক্ত, উদ্ধত আৰু সুস্পষ্ট বিবেকী বজ্ৰৰ নিৰ্ঘোষ | মোৰ অনুভূতিৰ বিপদজনক দুৱাৰ দুফাল কৰি খোলা | যকৃতৰ সুখ-শ্ৰুত সুস্থতাই জানো সকলো ? তোমাৰ লগত মোৰ বিস্তৰ মতভেদ | বৰং যদিও দুষ্প্ৰাপ্য, তেজৰ স্বাভাৱিক ৰং মোৰ প্ৰিয় | ম‍ই এনেধৰণৰ সৰ্বাত্মক সংকটৰ মুখামুখি যাৰ - এফালে নিৰ্বিষ বাস্তৱ, আনফালে অসম্ভৱ ভৱিষ্যত্‍ | ৩ নিমিষতে ভাঙি পৰে মোৰ বুকুৰ ভিতৰৰ ঘৰ-দুৱাৰ | তোমাক বুকুত থৈ কৰা আশ্চৰ্য নিৰ্মাণ | ভয়ংকৰ ভাঙনৰ মুখত স্থিত দীৰ্ঘ পৰিশ্ৰমে গঢ়া সুশোভিত উদ্যান | পাৰ হৈ আহোঁ পিছল শিলৰ সাঁকো, ভৱিষ্যতৰ গন্ধবহ সপ্ৰতিভ বৰ্তমান | হাড়ে হাড়ে, বুকুৰ ভিতৰে ভিতৰে ভাঙে ঘৰ-দুৱাৰ, কলিজাত কতকাল পৰি থকা স্মৃতিময় গোলাপলতাৰ তিমিৰ প্ৰোথিত শিপা ছিন্ন-বিচ্ছিন্ন | শ্বাসৰোধী অভ্যন্তৰত পিপাসাৰ মুমূৰ্ষ প্ৰাৰ্থনাঃ মোৰ প্ৰকৃতি, মোৰ প্ৰিয়, তুলি লোৱা মোৰ অপাপ হৃদয় ধ্বংসস্তুপৰ পৰা | ৪ তেজৰ অনুগত মোৰ এই অভীষ্ট শব্দবোৰৰ নিঃসংগতা লগৰীয়াৰ চকুত ধুলি দি বালিঘৰ সাজি একান্তমনে উমলি থকা ল'ৰাটোৰ দৰে এক অদ্ভুত আনন্দবোধত মুগ্ধ | প্ৰতিটো শব্দৰ শৰীৰে শৰীৰে বিয়পি আছে মোৰ আইৰ চাদৰৰ মোলান আচঁলত লাগি থকা কিংবদন্তিৰ কৰুণতা | ৫ এনেকৈয়ে আছোঁ: দুখ মোৰ কোলাৰ কেঁচুৱা, বাৰে বাৰে দুহাতেৰে দাঙি ল'ব লাগে | জিভাত দুখৰ ঘৰৰ লোণ, ওকালিত ওলাই আহে ভাতৰ নিসনি | খং মোৰ সহজতে নুঠে | দায়িত্বশীল পিতাৰ দৰে ম‍ই জানো খং কেনেকৈ সামৰি থ'ব লাগে; ক্ষমায়েই বা কাক বোলে | প্ৰচুৰ দায়িত্ব মোৰ | দুখবোৰ তুলি-তালি মানুহ কৰাৰ গধুৰ দায়িত্ব, একান্ততাত জুৰুলি-জুপুৰি নৰীয়া দেহা, কিবা এটা ক'ব খুজিলেই আলজিভাৰ পৰা ছিটিকি পৰে অজানিত তেজ মুখৰ ভিতৰে-বাহিৰে | ৬ মোৰ অস্ত্ৰৰ শানিত মুখত সুগন্ধ সময়ৰ সেতুময়তা ! মোৰ স্নায়ুৰ বিচিত্ৰ বীনাৰ সহস্ৰ তাঁৰ কৃতজ্ঞতাবোধত গধুৰ, বুকুৰ ভিতৰত অজৰ-অমৰ পৃথিৱী, যাৰ কাষত বহিলে উজ্জ্বল হৈ উঠে মোৰ নৰীয়া দেহ | ভ্ৰমণ-বিলাসী মনৰ শেষ হয় সকলো আয়োজন, ভৰি ছুই গুছি যায় আবেলিৰ ৰ'দ, ম‍ই মাথোঁ বহি থাকোঁ লিৰিকি-বিদাৰি গুৰুভাৰ শিকলি | .... আঙুলি কামুৰি পালো ঘোলা তেজ, চেঁচা বিদ্ৰোহ, চূড়ান্ত কিবা কৰাৰ মোৰ খুব লোভ, অথচ মোৰ সেই স্পৰ্ধা নাই অথবা, বিৰল প্ৰাজ্ঞতা ! ৭ কমৰেড্‍, বুকুখন বিষাইছে, বন্দুকটো উম দি বুকুতে থাকক, আঁতৰাই নিনিবা; লাগিলে তৰ্জনী আঙুলিটো মোৰ ট্ৰিগ্ৰাৰতে থোৱাঃ বন্দুকৰ নলেৰে জ্বলক অবিৰাম বিজুলী | ৰাতিটো পাৰ হৈ গ'লে আমাৰ আৰু ভয় কি ? নলে-গলে লগালগি পামগৈ ফৰকাল বেলতলাৰ পথাৰ |