ৰ'দ গৈ গৈ ঢলি পৰে সূৰ্য | ত্ৰস্ত ৰাতিৰ অন্তৰীক্ষৰ অন্ধকাৰত জ্বলে কালপুৰুষৰ তৰোৱাল অনিবাৰ্য | মই কবি, সীমিত মোৰ সামৰ্থ্য | আলিদোমোজাৰ ভূতগ্ৰস্ত প্ৰহৰীৰ কৃতঘ্ন পিতলৰ সুহুৰিয়ে বিপৰ্যস্ত কৰে মোৰ কাব্যৰ অৰ্থ | ৰ'দ গৈ গৈ ঢলি পৰে সুবৰ্ণ সূৰ্য |