আজি মোৰ এন্ধাৰতে টোপনি ভাগিল | স্বপ্নৰ পাপৰি এটি এটি কৰি সৰি পৰি ৰ'ল যেন পলাতকা পৰীৰ কৰবীৰ ফুল ! দেহৰ হুলত এতিয়া মোৰ লাগি আছে মাটিৰ কোলাহল; আৰু, অপসৃয়্মাণ ছায়াৰ দৰে সপোনৰ কোমল কৌতূহল !