ভাল নাপাওঁ বুলি কৈয়ো
তোমাৰ হৃদয়খনে মোলৈ
প্ৰেম উপচাই আনে।
তোমাৰ আকুলতাবোৰ
শব্দ হৈ নিগৰে,
আৰু শব্দবোৰ মোৰ কাণত
মৌ হৈ বৰষে।
যত এন্ধাৰৰ মাজতো
তোমাৰ চকুযুৰিয়ে মোক
অভিদীপ্তা কৰি তোলে।
মোৰ ভালপোৱাবোৰ
আকাশৰ পৰা নামি আহে—
মুকুতা হৈ...
এই মুকুতাবোৰ আকৌ
মই হৈয়ে শিপাই যায়—
তোমাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে।
-Aryahi
